ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-১ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫- ০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতী চৌধাৰীয়েও মহিলাৰ ৬৬ কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে ৯২ কিলোগ্ৰামতকৈ অধিক ওজন শাখাত ভাৰতৰ নৰেন্দ্ৰৰ বেৰৱাল পৰাজিত হৈছে।
Site Admin | May 30, 2024 1:50 PM | ankushita boro | SPORTS
বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অংকুশিতা বড়োৰ
