ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় কৰ্মশালা

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় এখন কৰ্মশালা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱক-যুৱতীয়ে এই প্রশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়াই ভাষণ প্ৰসংগত পশুপালন বৃত্তি সাম্প্রতিক সময়ৰ এক লাভজনক বৃত্তি বুলি উল্লেখ কৰি পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ হোৱাৰ অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত সম্ভাৱ্য সকলো সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাজ্যিক পশুধন আৰু হাঁহ-কুকুৰা নিগমে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে লাভান্বিত হৈ আহিছে বুলি নিগমৰ অধ্যক্ষগৰাকীয়ে আজি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত নিগমৰ মূল লক্ষ্য ৰূপায়ণত সফল হোৱা বুলি তেওঁ উল্লেখ কৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত নিগমৰ ৬২ লাখতকৈও অধিক টকা লাভ হোৱা বুলি তেওঁ সদৰী কৰে। তেওঁ কয় যে নিগমে প্রায় বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা ২৩ হাজাৰ যুৱক-যুৱতীৰ ভিতৰত ১১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে ৰাজসাহাৰ্য লাভ কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। অধ্যক্ষগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ ধবজাবাহিনী আঁচনিয়ে আকৰ্ষিত কৰিছে। নিগমৰ পূৰ্বৰ প্রকল্পসমূহৰ লগতে শেহতীয়াকৈ খানাপাৰাৰ শীতলীকৰণ ভঁৰাল আৰু মাংসৰ আধুনিক পদ্ধতিৰে বিক্ৰীকেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে।

অধিক পঢ়ক

সকলো চাওক