অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসনৰ বাবে মুঠ ৫ হাজাৰ ৭২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। YSRCP-ৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে পুলিভেন্দুলা বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ বিপৰীতে বিৰোধী দলপতি তথা তেলেগু দেশমৰ মুৰব্বী নাৰা চন্দ্ৰ বাবু নাইডুৱে কুপ্পম বিধানসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পীতাপুৰম বিধানসভা আসনৰ বাবে জনসেনাৰ মুৰব্বী কে পৱন কল্যাণে মনোনয়ন দাখিল কৰে। অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৱাই এছ শর্মিলাই কাদাপা লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে। বিজেপিৰ অন্ধ্ৰ প্ৰদেশৰ মুৰব্বী ডি পূৰণধ্ৰেশ্বৰীয়ে ৰাজা মহেন্দ্ৰভৰমৰ পৰা মনোনয়ন দাখিল কৰিছে।
Site Admin | April 26, 2024 6:57 PM | Andhra Pradesh | Election
অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
