ডাউনলোড
মোবাইল এপ

android apple
signal

September 5, 2024 11:43 AM | Amrit uddyan

printer

শিক্ষক দিৱস উপলক্ষে আজি শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা

শিক্ষক দিৱস উপলক্ষে আজি অকল শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি সচিবালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নম্বৰ গেটৰ জৰিয়তে শিক্ষকসকলে প্ৰৱেশ কৰিব পাৰিব। তেওঁলোকৰ সুবিধার্থে কেন্দ্রীয় সচিবালয় মেট্ৰষ্টেচনৰ পৰা ৩৫ নম্বৰ গেটলৈ বিনামূলীয়া বাছ সেৱাও উপলব্ধ হব। উল্লেখযোগ্য যে, অমৃত উদ্যান গ্রীষ্মকালীন বার্ষিক সংস্কৰণ ২০২৪ উপলক্ষে যোৱা মাহৰ ১৬ তাৰিখৰ পৰা চলিত মাহৰ ১৫ তাৰিখলৈকে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সোমবাৰৰ বাহিৰে আন সকলো দিনতে অমৃত উদ্যান জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে। জনসাধাৰণে ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত অনলাইনযোগে প্ৰৱেশৰ বাবে বুকিং কৰিব পাৰে। ৩৫ নম্বৰ গেটৰ বাহিৰত স্থাপন কৰা স্ব-সেৱা ব্যৱস্থাৰ জৰিয়তেও নাগৰিকসকলে পঞ্জীয়ন কৰিব পাৰে। এইবৰ্ষৰ গ্ৰীষ্মকালীন সংস্কৰণত বৰ্তমানলৈ ডেৰ লাখৰো অধিক লোকে অমৃত উদ্যান ভ্রমণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক