ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2024 7:04 PM | Amrit uddyan

printer

দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি কৰে। এই উদ্যানখন জনসাধাৰণৰ দৰ্শনৰ বাবে অহা শুকুৰবাৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ মুকলি থাকিব। উঠি অহা প্ৰজন্মক অমৃত উদ্যানৰ মানসিকতাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত বুটাম বেজ বিতৰণ কৰা হব। এই উদ্যানখনত নতুনকৈ এখন ছাউণ্ড পাইপ প্রদর্শনীও সংযোজন কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে শিশুসকলে শব্দযন্ত্ৰৰ অনবদ্য অভিজ্ঞতা লাভ কৰিব পাৰিব। আনহাতে এইবেলি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি অহা ২৯ আগষ্টত ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলক উদ্যান দৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। একেদৰে বিভিন্ন বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলকো অমৃত উদ্যানৰ পুষ্পৰ সমৃদ্ধি দৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে দৰ্শনাৰ্থীৰ সুবিধার্থে কেন্দ্ৰীয় সচিবালয় মেট্ৰষ্টেচনৰ পৰা বিনামূলীয়া বাছসেৱাৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন প্ৰকাৰৰ ফুল গছৰ পৰা আৰম্ভ কৰি বৃহৎ বৃক্ষ প্ৰকৃতিৰ শ্ৰেণীকোঠা আদিৰে সমৃদ্ধ অমৃত উদ্যান দৰ্শনৰ বাবে আগ্ৰহীসকলে ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক