September 4, 2024 12:24 PM | Amit sah

printer

অমিত শ্বাহৰ উপস্থিতিত আজি কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি আৰু এ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰিত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ- এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্রবাদ, হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উদ্দেশ্যে অক্লান্তভাৱে কাম কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ শান্তি আৰু সম্প্ৰীতি অনাৰ বাবে ইতিমধ্যে ১২ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিপুৰা সম্পৰ্কীয় ৩ খন চুক্তিও আছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত বিভিন্ন চুক্তিৰ বাবে প্ৰায় ১০ হাজাৰ উগ্ৰপন্থীয়ে অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘুৰি আহিছে।

 

অধিক পঢ়ক

সকলো চাওক