August 27, 2024 6:25 PM | Amrit sah

printer

আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন- জনসাধাৰণকেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ড০ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে ২০২৩ আৰু ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উত্তম সেৱা পদক প্ৰাপকসকলক সন্মান জনাব। অনুষ্ঠানত গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ’ৰ ভাৰতীয় আৰক্ষী পত্রিকাৰ বিশেষ সংস্কৰণো উন্মোচন কৰিব। আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰই গৱেষণা আৰু উন্নয়নৰ মাধ্যমেৰে আইন-শৃংখলা ব্যৱস্থাৰ উৎকৰ্ষ সাধনৰ বাবে মূল পৰামৰ্শ গোট হিচাপে কাম কৰে। আৰক্ষীৰ বাবে নীতি আৰু প্ৰক্ৰিয়া বিকশাই তোলাই এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য। ইয়াৰ উপৰি প্ৰতিষ্ঠানটোৱে নাগৰিকসকললৈ উন্নত সেৱা আগবঢ়োৱাৰ বাবে সহায়ক প্ৰযুক্তিৰ অন্বেষণ, আইন নিয়ন্ত্ৰণ ব্যৱস্থাৰ সংস্কাৰ আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ সামৰ্থ্য বৃদ্ধিৰ উপায় সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক