ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 7:08 PM | Amirt pal singh

printer

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজনালা আদালতত পুনৰ হাজিৰ

খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত পুনৰ হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক পুনৰ তিনি দিনৰ বাবে ২৮ মার্চ পর্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। তেওঁলোক ২০২৩ চনত আজনালা থানা আক্রমণৰ ঘটনাত জড়িত আছিল। ডি এছ পি গুৰৱিন্দ্ৰ সিঙে প্ৰকাশ কৰা অনুসৰি ২৫০ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু ইয়াৰে ৩৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল।

অমৃত পাল সিঙকে ধৰি এই সাতজন সহযোগী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অসমৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। বন্দীত্বৰ ম্যাদ উকলি যোৱাৰ পাছত তেওঁলোকক আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰি ২১ মাৰ্চত ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ স্থানান্তৰ কৰে। আদালতে তেওঁলোকক আজি পর্যন্ত আৰক্ষীৰ জিম্মাত দিছিল আৰু আজি ইয়াৰ ম্যাদ উকলি যোৱাত পুনৰ আদালতত হাজিৰ কৰোৱা হয়।

অধিক পঢ়ক

সকলো চাওক