ডাউনলোড
মোবাইল এপ

android apple
signal

March 20, 2025 6:54 PM | Amirt pal singh

printer

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ কৰা হৈছে। যোৱা ১৬ মাৰ্চৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা ২৫ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলে তেওঁলোকক আজি আইনী প্রক্রিয়া অনুসৰি পঞ্জাৱলৈ লৈ যায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সিং আৰু তেওঁৰ ৯ জন সহযোগীৰ ভিতৰত ৭ জনৰ ওপৰত বলৱৎ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাৱ চৰকাৰে সিদ্ধান্ত লৈছিল। আজি পুৱাৰ ভাগত নেতাগৰাকীৰ সহযোগী কুলৱন্ত সিং ধলিৱাল, হৰজিত সিং, গুৰিন্দৰ পাল সিং, বসন্ত সিং, ভগৱন্ত সিং আৰু দলজিত সিং কালচিসহ মুঠ ৭ জন বন্দীক মুকলি কৰি দিয়াৰ পাছত পঞ্জাৱ আৰক্ষীয়ে আনুষ্ঠানিকতা সম্পন্ন কৰি পঞ্জাৱলৈ লৈ যায়। অৱশ্যে অমৃত পাল সিং, পাপল প্রীত সিং আৰু ৱৰীন্দৰ সিং জোহাল ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ থাকিব । তেওঁলোকৰ জিম্মাৰ ম্যাদ অহা মাহত শেষ হ’ব বুলি জানিব পৰা গৈছে যদিও আইনী প্রক্রিয়া সম্পূৰ্ণ হোৱা নাই। এই প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোককো স্থানান্তৰ কৰা হ’ব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত তেওঁলোকৰ বন্দিত্বৰ ম্যাদ উকলি যোৱাৰ পাছত পঞ্জাৱত থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক