আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। কালি গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই তথ্য সদৰী কৰে। কেবিনেট হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি তেওঁ কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ পোৱা গৈছিল যদিও এইবাৰ সেইসমূহ দূৰ কৰি ৰেচন কাৰ্ড আৰু আধাৰ কার্ড থকা প্ৰায় ৪৭ লাখ হিতাধিকাৰীক সামৰি লোৱা হ’ব। ইপিনে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্তসকলৰ বিশেষ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ অৱগত কৰে। তেওঁ লগতে কয় যে, শীঘ্ৰেই বিশেষ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰাজ্যৰ ৩০ হাজাৰ নিৱনুৱাক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱাক অর্থ সাহায্যৰ প্ৰদানৰ লক্ষ্য লৈছে যদিও প্রথম পৰ্যায়ত ৩০ হাজাৰ যুৱক-যুৱতীয়েহে এই সুবিধা লাভ কৰিব। দ্বিতীয় পৰ্যায়ত আৰু ৭০ হাজাৰ নিবনুৱাক আঁচনিখনৰ অধীনত সামৰি লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, প্রথম পৰ্যায়ৰ বাবে জিলাভিত্তিক সাক্ষাৎকাৰ অহা ১৬ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। ছেপ্তেম্বৰৰ শেষৰ ফালে এই ধন বিতৰণ কৰা হ’ব। ইয়াৰ লগতে অহা ৭ আৰু ৮ আগষ্টত ৰাজ্য চৰকাৰৰ নতুন আঁচনি নিযুত মইনাৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, ৰাজ্য চৰকাৰে এইবাৰ ৮০০ খন চাহ বাগিচাৰ পৰা ৮ হাজাৰ গৰাকী নাচনীৰ দ্বাৰা ঝুমুৰ প্ৰদৰ্শন কৰাৰ লক্ষ্য লোৱাৰ কথা উল্লেখ কৰি অহা ২০ নৱেম্বৰত সৰুসজাই ষ্টেডিয়ামত এই ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ চলিত বৰ্ষৰ শেষৰপিনে অনুষ্ঠিত কৰিবলৈ জানিবলৈ দি মুখ্যমন্ত্ৰী শৰ্মাই জন্মৰ লগে লগে হাস্পতালতে যাতে নৱজাতকে আধাৰ কাৰ্ড লাভ কৰিব পাৰে তাৰবাবে শীঘ্ৰেই ৰাজ্যৰ ১৩ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত একোটাকৈ আধাৰ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা বুলিও সংবাদমেলত অৱগত কৰে। কেবিনেটত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক পৰিচালনাৰ বাবে থকা গ্ৰাম্য পৰিষদ তথা গ্ৰাম্য উন্নয়ন পৰিষদত মুঠ ৪৭৬টা সচিব পদৰ বাবে অনুমোদন জনোৱা হয়। তদুপৰি ই-শ্ৰম পৰ্টেলত অনুর্ভুক্ত ৬ লাখ প্ৰব্ৰজিত শ্রমিকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, কেবিনেটত ৰূপসী বিমান বন্দৰক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বিমান বন্দৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক