অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত তিনিচুকীয়া জিলাত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী পূর্ণগতিত অব্যাহত আছে। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক গছপুলি বিতৰণ কৰা হৈছে। এই উদ্দেশ্যেৰে কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনত ৰঙাজান গাঁও পঞ্চায়তত পঞ্চায়ত সচিব, জীৱিকা সখী, পশুসখী আৰু বেংকসখীৰ লগতে জীৱিকা অভিযানৰ বিষয়াসকলৰ উপস্থিতিত গছপুলি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে জিলাখনত অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ত এক আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত চাৰে এঘাৰ লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জিলা আয়ুক্ত স্বপ্নীল পালে জানিবলৈ দিছে। গছপুলিৰ প্ৰাপ্তিৰ বাবে অনলাইন পঞ্জীয়নৰ সময় ৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে বুলিও জিলা আয়ুক্তই অৱগত কৰিছে।
Site Admin | August 3, 2024 8:37 PM | amrit briksha tinisukia