অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত ১১ লাখ ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত তিনিচুকীয়া জিলাত অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ১১ লাখ ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিলাখনত গছপুলি বিতৰণ প্ৰক্ৰিয়া ৫ আগষ্টৰ ভিতৰত সম্পন্ন কৰি ১০ আগষ্টৰ ভিতৰত ৰোপণ আৰু জিঅ’ টেগিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। গ্রামীণ জীৱিকা অভিযানৰ এক লাখৰো অধিৰ স্বেচ্ছাসেৱীৰ উপৰি জিলাখনৰ সকলো অংগনবাড়ী কর্মী, ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী, আৰক্ষী, সামৰিক বাহিনীৰ জোৱানকো এই কাৰ্যত জড়িত কৰোৱা হ’ব। জিলাখনৰ ১২২ খন চাহ বাগিচাত শ্রমিক-কৰ্মচাৰীৰ সহযোগত ডেৰ লাখ গছপুলি ৰোপণৰ সিদ্ধান্ত লোৱা হৈছে। বন বিভাগৰ দ্বাৰা প্ৰতিখন গাঁৱলৈ অহা ৫ আগষ্টৰ ভিতৰত গছপুলিসমূহ প্ৰেৰণ কৰা হ’ব। প্ৰতিটো উন্নয়ন খণ্ডত অন্ততঃ একোখনলৈ অমৃত অৰণ্য নিৰ্মাণ কৰা হ’ব জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। ইপিনে গোৱালপাৰা জিলাৰ বন বিভাগে এইবেলি ৩১ লাখ ৩ হাজাৰ গছপুলি ৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰে ৭ লাখ ৬৪ হাজাৰ গছপুলি গোৱালপাৰাত ৰোপণ কৰা হ’ব। বাকী গছপুলিসমূহ দক্ষিণ শালমাৰা, দৰং আৰু কামৰূপ গ্ৰাম্য জিলাত যোগান ধৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক