ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু সীমান্তত অস্ত্ৰবিৰতি উলংঘনৰ ঘটনা সংঘটিত নোহোৱাটোৱে পাকিস্তানে প্রধানমন্ত্ৰী মোদীক ভয় কৰাটো প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই বুলি আশ্বাস দিছে যে, জম্মু সীমান্তত দীৰ্ঘদিনৰে পৰা অস্ত্ৰ বিৰতি উলংঘনৰ কোনো ঘটনা সংঘটিত নোহোৱাটোৱে ইয়াকেই প্রতিফলিত কৰে যে পাকিস্তানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয় কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে পুঞ্চ জিলাৰ মেন্ধৰত আজি দলীয় প্রার্থী মুৰতাজা খানৰ সমৰ্থনত এখন নির্বাচনী সভা সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, সীমান্তত বৰ্তমান নিস্তব্ধতা বিৰাজ কৰিছে আৰু মেন্ধৰৰ লগতে সীমান্তৱৰ্তী অন্যান্য জিলাসমূহৰ লোকসকল বৰ্তমান শান্তিত বাস কৰি আছে। তেওঁ লগতে কয় যে, ১৯৯০ চনৰে পৰা সন্ত্ৰাসবাদীৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে এই স্থান ধবংস কৰি অহা হৈছিল। এন চি, পি ডি পি আৰু কংগ্ৰেছৰ শাসনকালত পাহাৰী, গুজৰ আৰু বকৰৱাল সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছিল। তেওঁ কয় যে, তেওঁলোকৰ বাবেই বহু দিন ধৰি জম্মু-কাশ্মীৰত পঞ্চায়ত, খণ্ড বিকাশ পৰিষদ আৰু জিলা বিকাশ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। বৰ্তমান পঞ্চায়ত, খণ্ড তথা জিলাসমূহৰ ৩০ হাজাৰৰো অধিক প্ৰতিনিধিয়ে গণতন্ত্ৰৰ ফল উপভোগ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক