বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেঁও কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমবায়ৰ পৰা সমৃদ্ধি দৃষ্টিভংগী আগত ৰাখি সমবায় মন্ত্ৰালয়ে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক উপকৃত কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে কাম কৰি যাব। সহযোগিতাৰ ধাৰণাক সবল কৰি তোলাৰ সমান্তৰালকৈ এই খণ্ডৰ সৈতে জড়িত কোটি কোটি লোকক নতুন সুযোগ দি তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷
Site Admin | June 12, 2024 1:34 PM | Amit Shah | India Govt. | ministry
সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ অমিত শ্বাহৰ
