কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি হাৰিয়ানাৰ হিছাৰত থকা মহাৰাজা অগ্রসেন চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা আই চি ইউ ব্লক মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ চৌহদত মহাৰাজা অগ্রসেনৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। শ্ৰী শ্বাহে মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰাবাসৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী নায়ৱ সিং চাইনী, স্বাস্থ্যমন্ত্ৰী আৰ্তি ৰাও, হিছাৰৰ বিধায়ক সাৱিত্ৰী জিন্দালৰ লগতে কুৰুক্ষেত্ৰৰ সাংসদ নবীন জিন্দালো উপস্থিত আছিল।
Site Admin | March 31, 2025 9:27 PM | amit shah haryana hisar
হাৰিয়ানাৰ হিছাৰৰ মহাৰাজা অগ্রসেন চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা আই চি ইউ ব্লক মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ
