আৰক্ষী স্মৃতি দিৱস উপলক্ষে আজি গৃহমন্ত্রী অমিত শ্বাহে কৰ্তব্যৰ সময়ত নিজৰ সৰ্বোচ্চ বলিদান দি অমৰ হোৱা শ্বহীদসকলক প্ৰণাম কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই দিৱসে আৰক্ষী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালে কৰা ত্যাগক সন্মান জনোৱা হয়। দেশৰ কাৰণে তেওঁলোকে কৰা ত্যাগৰ কাৰণে গৃহমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী শ্বাহে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে আৰু আৰক্ষী স্মৃতি দিৱস উপলক্ষে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহ ৰাজ্য মন্ত্ৰী বন্দি সঞ্জয় কুমাৰ, গৃহসচিব গোবিন্দমোহন চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকা সহ আন আন বিশিষ্ট ব্যক্তিসকলেও ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে, ৩৬ হাজাৰ ৪৬৮ গৰাকী আৰক্ষী কৰ্মীয়ে কৰ্তব্যৰত অৱস্থাত সর্বোচ্চ বলিদান দিছে। তেওঁ কয় যে, যোৱা এটা বছৰত ২১৬ গৰাকী আৰক্ষী কৰ্মীয়ে সর্বোচ্চ বলিদান দিছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যোৱাটো দশকত বীৰ জোৱানসকলৰ প্ৰচেষ্টাত জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চল আৰু বাঁওপন্থী উগ্রবাদৰ দ্বাৰা প্রভাবিত অঞ্চলসমূহলৈ শান্তি ঘূৰাই অনা হৈছে। তিনিখন নতুন অপৰাধমূলক আইনৰ জৰিয়তে অপৰাধ আইনে এইটো সুনিশ্চিত কৰিব যে, দেশৰ অপৰাধ আইন ব্যৱস্থা যাতে বিশ্বৰ ভিতৰতে আধুনিকৰূপে পৰিগণিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল যে সকলো সাহসী জোৱানৰ সন্মানত দিল্লীত এনে এখন স্মাৰক নিৰ্মাণ কৰা হ’ব যিয়ে, যুৱক-যুৱতী তথা জনসাধাৰণক অনুপ্ৰাণিত কৰিব। ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ ওচৰত দেশৰ জনসাধাৰণ সদায় ঋণী হৈ থাকিব বুলি শ্ৰী শ্বাহে কয়।
Site Admin | October 21, 2024 7:38 PM | amit shah at the National Police Memorial in Delhi