কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগক নির্দেশ দিছে। নতুন দিল্লীত কালি দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে এটা উমৈহতীয়া আৰু সুদূৰপ্ৰসাৰী নীতি যুগুত কৰাৰ ক্ষেত্ৰত দীর্ঘ দিনৰে পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে। শ্ৰী শ্বাহে বজ্ৰপাতৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিবলৈ এছ এম এছ টি ভি, এফ এম ৰেডিঅ’ আৰু অন্যান্য মাধ্যমত সতর্কতা জাৰি কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগক নির্দেশ দিয়ে। তেওঁ লগতে বিভিন্ন বিভাগক বতৰ, বৰষুণ তথা বান সতর্কবাণী সম্পৰ্কীয় এপসমূহ বিকশাই তোলাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। শ্ৰীশ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ দুৰ্যোগ ব্যৱস্থাপনা খণ্ডই কোনো ধৰণৰ বাধা নোহোৱাকৈ বিশেষ অগ্রগতি লাভ কৰিছে। তেওঁ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগক আগতীয়াকৈ বান সন্দৰ্ভত অৱগত হোৱাৰ বাবে সকলো ধৰণৰ সঁজুলি পুনৰ মানাংকন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে সকলো বৃহৎ বান্ধৰ গেটসমূহ ভাল অৱস্থাত থকাটো সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ কেন্দ্ৰীয় জল আয়োগৰ বান নিৰীক্ষণ কেন্দ্ৰসমূহ দেশৰ প্ৰয়োজন তথা আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি হোৱা উচিত বুলি উল্লেখ কৰে।
শ্রীশ্বাহে বৈঠকত হঠাতে হিমবাহ হ্ৰদৰ বিস্ফোৰণ হোৱাৰ ফলত সৃষ্টি হোৱা বানৰ সৈতে মোকাবিলা কৰাৰ প্রস্তুতিৰো পৰ্যালোচনা কৰে। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক বান আৰু জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিভিন্ন সংস্থাসমূহে যোগান ধৰা উপগ্ৰহৰ প্ৰতিছবিৰ সহায়ত এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ লগতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰালয়ক বনজুই প্রতিহত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে। তেওঁ নিয়মীয়াকৈ শুকান পাত আঁতৰ কৰা, জুই জ্বলোৱাৰ বাবে নিৰ্দিষ্ট শাৰী ঠিক কৰাৰ লগতে সময়ে সময়ে স্থানীয় বাসিন্দা আৰু বন বিভাগৰ লোকৰ সৈতে মক ড্রীল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কালিৰ বৈঠকত জল শক্তি মন্ত্ৰী চি আৰ পাটিল, গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিবকে ধৰি বিভিন্ন মন্ত্ৰ্যালয়ৰ সচিব আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।