কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ত্ৰিপুৰা-এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্ছ-এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত কালি নতুন দিল্লীত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি সম্পাদনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহে কয় যে, এন এল এফটি আৰু এ টি টি এফে অস্ত্র সম্বৰণ কৰি মূল সুঁতিলৈ উভতি অহাটো আনন্দৰ কথা। তেওঁ লগতে ত্ৰিপুৰাৰ বিকাশৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। তেওঁ কয় যে, নৰেন্দ্ৰ মোদী প্রধানমন্ত্ৰী হোৱাৰে পৰা তেওঁ শান্তি আৰু আলোচনাৰ মাধ্যমেৰে দেশৰ সন্মুখত সামর্থবান আৰু উন্নত উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগী উপস্থাপন কৰি আহিছে। প্ৰধানমন্ত্রী মোদীয়ে অকল পথ, ৰে’ল আৰু বিমান যোগাযোগৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চল আৰু দিল্লীৰ জনসাধাৰণৰ মাজত পূৰ্বতে থকা ব্যৱধান দূৰ কৰাই নহয় বৰং জনসাধাৰণৰ হৃদয়ৰ মাজৰ ব্যৱধানো দূৰ কৰিবলৈ সমৰ্থ হৈছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে, কেন্দ্ৰীয় চৰকাৰ অস্তলক্ষ্মী আৰু পূৰ্বোদয়ৰ অৱধাৰণাৰ সংমিশ্ৰণেৰে ত্ৰিপুৰাসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ সংকল্প গ্ৰহণ কৰিছে আৰু কালি স্বাক্ষৰিত চুক্তি এই ক্ষেত্ৰত মাইলৰ খুঁটি ৰূপে পৰিগণিত হ‘ব। চুক্তিৰ অধীনত ৩২৮ জনৰো অধিক সশস্ত্ৰ উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূল সুঁতিলৈ উভতি আহিব আৰু অকল ত্ৰিপুৰাৰেই নহয় সমগ্ৰ দেশৰ উন্নয়নত অৰিহনা যোগাব বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাত জনজাতীয় লোকসকলৰ সামগ্রিক উন্নয়নৰ বাবে ২৫০ কোটি টকাৰ এটা বিশেষ পেকেজত অনুমোদন জনাইছে। তেওঁ লগতে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৫ চনত ত্ৰিপুৰাৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহ্বাৰ কৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ভালেমান অংশৰ পৰাও আইনখন উঠাই লোৱা হৈছে। শ্ৰীশ্বাহে কয় যে, সৈন্য বাহিনী নিয়োজিত কৰাৰ পৰিৱৰ্তে বিশেষকৈ জনজাতীয় গোটসমূহৰ সংস্কৃতি-ভাষা আৰু পৰিচয়ৰ সংৰক্ষণেৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি চৰকাৰ বদ্ধ পৰিকৰ। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি আৰু সমৃদ্ধি অনাৰ উদ্দেশ্যে বৰ্তমানলৈকে ১২ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিপুৰা সম্পৰ্কীয় ৩ খন চুক্তিও আছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত বিভিন্ন চুক্তিৰ বাবে প্ৰায় ১০ হাজাৰ উগ্ৰপন্থীয়ে অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘুৰি আহিছে।
Site Admin | September 5, 2024 11:47 AM | Amit sha | Tripura