ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ উন্নয়নত প্ৰভূত গুৰুত্ব প্ৰদান কৰা হৈছে। যোৱা ১০ বছৰ উত্তৰ-পূবৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰি শ্ৰীশ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগকাৰীসকলক উত্তৰ-পূবত বিনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্রচেষ্টাসমূহৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰান্বিত হৈছে বুলি কয়। উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক প্রগতি দেশৰ অন্যান্য অঞ্চলসমূহৰ সমতূল্য কৰাতো প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ মূল উদ্দেশ্যসমূহৰ অন্যতম বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে।
বৈঠকত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গৃহমন্ত্রী অমিত শ্বাহে গ্রহণ কৰা বিভিন্ন প্রচেষ্টাসমূহে অঞ্চলটোত উগ্রবাদ হ্ৰাস কৰাত মুখ্য ভূমিকা লৈছে বুলি মত প্ৰকাশ কৰে। শ্রীসিন্ধিয়াই কয়, যে বিগত সময়ত অঞ্চলটোত উগ্রবাদী কার্যকলাপ পূৰ্বৰ তুলনাত ৭১ শতাংশলৈ হ্ৰাস পোৱাৰ লগতে এনে কাৰ্যকলাপত মৃত্যুৰ সংখ্যাও ৬০ শতাংশলৈ হ্ৰাস পাইছে।
Site Admin | December 21, 2024 7:11 PM | Amit sah