ডাউনলোড
মোবাইল এপ

android apple
signal

December 18, 2024 9:07 PM | Amit sah

printer

ড° বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি বিৰোধী পক্ষক অভিযোগ চৰকাৰৰ

° বি আৰ আম্বেদকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি চৰকাৰে বিৰোধী পক্ষৰ প্ৰতি অভিযোগ তোলে। সংসদ ভৱনত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ৰাজ্যসভাত শ্ৰীশ্বাহৰ বক্তব্যৰ ক্ষুদ্ৰ অংশ এটা প্ৰচাৰ হৈছে, যাৰ ফলত তেওঁৰ মন্তব্য বিকৃত ৰূপত প্ৰকাশ পাইছে। সংসদৰ দুয়োখন সদনৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ এই বিষয়টোক লৈ বিৰোধী পক্ষ ব্যস্ত হৈ পৰা কথাটোতো তেওঁ সজোৰে বিৰোধিতা কৰে ।

প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰেও এই বিষয়টো সন্দৰ্ভত কংগ্ৰেছক গৰিহণা দিয়ে। সংসদৰ বাহিৰত সংবাদ কৰ্মীৰে হোৱা কথা বতৰাত তেওঁ কয়, কংগ্ৰেছে যে সদায় পিছপৰা শ্ৰেণীৰ লোকৰ বিৰোধিতা কৰি আহিছে, সেই কথা শ্রীশ্বাহে উদঙাই দি আহিছে। তেওঁ এইবুলিও অভিযোগ কৰে যে, কংগ্ৰেছৰ শাসনকালত আম্বেদকাৰক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হোৱা নাছিল।

ইয়াৰ পূৰ্বে সংসদ ভৱন চৌহদত বিৰোধী দলৰ সদস্যসকলে ড° বি আৰ আম্বেদকাৰ সন্দৰ্ভত শ্ৰীশ্বাহৰ মন্তব্যৰ বিৰোধিতা কৰে। কংগ্ৰেছ, ডি এম কে, বাওপন্থী, আৰ জে দি, আপ আৰু আন দলৰ সদস্যসকলে এই প্ৰতিবাদত যোগদান কৰে আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে, দি এম কেৰ সাংসদ টি আৰ বালু আৰু আৰ জে দিৰ মনোজ ঝাও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীখাৰ্গে গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ অভিযোগ তোলে যে এই বক্তব্যৰ দ্বাৰা শ্ৰীশ্বাহে ভাৰতীয় সংবিধানৰ প্ৰণেতাগৰাকীক অপমানিত কৰে।

বিৰোধী দলপতি ৰাহুল গান্ধীয়েও শ্ৰীশ্বাহৰ বক্তব্যক আক্ৰমণৰ লক্ষ্য কৰি লয়। সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ চৰকাৰে সংবিধানক অৱমাননা কৰা বুলি অভিযোগ কৰে। তেওঁ এইবুলিও কয় যে বিজেপি দল ড° আম্বেদকাৰৰ আদৰ্শৰ পৰিপন্থী ।

অধিক পঢ়ক

সকলো চাওক