কেন্দ্ৰীয় চৰকাৰে অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত দিল্লীৰ আইন-শৃংখলাৰ ক্ষেত্ৰত কোনো শিথিলতা সহ্য নকৰে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীয়ে আজি দিল্লী আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষীৰ আয়ুক্ত আৰু অন্য জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। শ্রীশ্বাহে কয়, যে দিল্লীৰ জনসাধাৰণক সম্পূৰ্ণ ৰূপে নিৰাপদ অনুভৱ কৰোৱাটো প্ৰতিগৰাকী আৰক্ষী কৰ্মীৰ ব্যক্তিগত দায়িত্ব। তেওঁ কয়, যে দিল্লী আৰক্ষীয়ে শিশু, মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষাত অগ্ৰাধিকাৰ দিয়া উচিত।
Site Admin | November 22, 2024 8:23 PM | Amit sah