ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 1:22 PM | Amit sah

printer

পহলগামৰ ঘটনাস্থলীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ

জম্মু-কাশ্মীৰৰ পহলগামত কালিৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৮ জন লোক নিহত হোৱাৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিশ্চিদ্র তালাচী অভিযান চলাইছে। সেনা বাহিনীৰ নৰ্ডান কমাণ্ডাৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰে এই অভিযান তদাৰক কৰি আছে। নিৰাপত্তাবাহিনীসমূহে অভিযানত স্নিফাৰ ডগো ব্যৱহাৰ কৰিছে। ঘটনাৰ তদন্তৰ বাবে নিয়োগ কৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থা- এন আই এৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে।
কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে পহলগামৰ ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁৰ সৈতে উপ-ৰাজ্যপাল মনোজ সিনহা আৰু আন উচ্চপদস্থ বিষয়াসকলেও ঘটনাস্থলী পৰিদৰ্শন কৰিছে।
       ইপিনে, আজি উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ চৰজিৱান এলেকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত দুজন সশস্ত্র সন্ত্রাসবাদীৰ মৃত্যু হয়। সেনাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি আজি নিচেই পুৱাতে ২-৩ জন সন্ত্রাসবাদীয়ে এই অঞ্চলটোত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল। মৃত সন্ত্ৰাসবাদী দুজনৰ পৰা ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ, গুলীবাৰুদ আৰু যুদ্ধত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰা হয় বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক