জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত কালি অচিনাক্ত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্রাসবাদীয়ে আক্ৰমণ কৰা এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা-বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যোৱা নিশা শ্ৰীনগৰত উপস্থিত হৈ পোনে পোনে ৰাজভৱনলৈ যায়। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে এই আক্রমণ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয় ।
উল্লেখযোগ্য যে শ্রীনগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বেইচৰণ বনাঞ্চলত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন বিদেশী পৰ্যটক আৰু দুজন কাশ্মীৰী লোককে ধৰি ২৬জন পৰ্যটকৰ মৃত্যু হয়। সুৰক্ষা বাহিনীয়ে আক্ৰমণকাৰীসকলক কৰায়ত্ত কৰাৰ বাবে অঞ্চলটো ঘেৰি তালাচী অভিযান চলাই আছে।
ইপিনে, পহলগামৰ এই সন্ত্রাসবাদী আক্ৰমণৰ প্ৰতিবাদ জনাই জন্ম-কাশ্মীৰ ব্যৱসায় আৰু বাণিজ্য সংগঠনসমূহে আজি কাশ্মীৰ বন্ধ ঘোষণা কৰিছে। কাশ্মীৰৰ চেম্বাৰ অব কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ, জম্মু আৰু কাশ্মীৰ হোটেলিয়াৰ্ছ ক্লাব, সকলো ট্রেভেল এছোচিয়েচন, ৰেষ্টোঁৰাৰ মালিকপক্ষ তথা অসামৰিক সামাজিক গোটে এটা যুটীয়া বিবৃতিৰ জৰিয়তে এই বন্ধৰ বিষয়ে প্রকাশ কৰিছে।
আমাৰ জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ভালেমান ধর্মীয় সংস্থাইও এই বন্ধৰ সমৰ্থন কৰিছে। জম্মু খণ্ডতো ব্যৱসায় সংস্থা আৰু সমাজৰ বিভিন্ন শ্রেণীয়ে বন্ধৰ আহ্বান জনাইছে। কালি নিশা বিভিন্ন প্ৰান্তৰ লোকে মমবাতি জ্বলাই প্রতিবাদ সাব্যস্ত কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ সেনা কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰ আজি শ্ৰীনগৰলৈ যাব। তেওঁ কাশ্মীৰ উপত্যকাৰ সাম্প্ৰতিক সুৰক্ষা পৰিস্থিতিৰ বুজ ল’ব।