কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে। জম্মু আৰু কাশ্মীৰলৈ অনুপ্ৰৱেশৰ বাবে সন্ত্রাসবাদীয়ে আন্তৰাষ্ট্ৰীয় সীমান্তত স্থাপন কৰা সুৰঙ্গসমূহ বিচাৰি উলিয়াই সেইসমূহ ধ্বংস কৰিবলৈ সেই নিৰীক্ষণ ব্যৱস্থাত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ সহায় লোৱা হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তিনিদিনীয়া ভ্রমণসূচীৰে জম্মু-কাশ্মীৰলৈ যোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কথোৱা জিলাৰ ভাৰত – পাকিস্তান সীমান্তৰ সীমান্ত সুৰক্ষা বাহিনীৰ এটা অগ্ৰৱৰ্তী চকী পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে।
বিগত কেইবাদিনো ধৰি এই অঞ্চলটোত পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত আছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কথোৱা জিলাৰ হীৰানগৰ খণ্ডত বিনয় নামৰ বি এছ এফৰ পহৰা চকী পৰিদৰ্শন কৰে। শ্ৰীশ্বাহে প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো অক্লান্তভাবে সেৱা আগবঢ়াই থকা সীমান্ত সুৰক্ষা বাহিনীৰ সদস্যসকলক ভূয়সী প্রশংসা কৰে।
আজিৰ পৰিদৰ্শনকালত বি এছ এফৰ সঞ্চালক প্রধান দলজিত সিং চৌধুৰী, জম্মু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্রধান নলীন প্রভাত আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ২৩ মাৰ্চৰ পৰা এই অঞ্চলটোৰ অৰণ্যত ৫ জনীয়া এটা সন্ত্ৰাসবাদী গোট, আন্তৰাষ্ট্ৰীয় সীমান্তইদি ভাৰতত প্ৰৱেশ কৰা বুলি আৰক্ষী আৰু আন সুৰক্ষা বাহিনীয়ে ধৰা পেলাইছিল। সন্ত্রাসবাদীকেইটাক প্রতিহত কৰাৰ বাবে যোৱা ২৭ মাৰ্চত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিত ৪ গৰাকী আৰক্ষী আৰু ২টা সন্ত্ৰাসবাদী নিহত হৈছিল। ভ্ৰমণকালত শ্ৰীশ্বাহে সন্ত্ৰাসবাদীৰ গুলিত নিহত হোৱা জম্মু-কাশ্মীৰ আৰক্ষীৰ লোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ নিৰ্বাচিত সদস্যক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। বিগত মাহৰ অক্টোবৰ মাহত নেচনেল কনফাৰেন্সে চৰকাৰ গঠন কৰাৰ পাছত শ্ৰীশ্বাহে প্ৰথমবাৰ জম্মু-কাশ্মীৰলৈ গৈছে। শ্ৰীশ্বাহে কাইলৈ শ্ৰীনগৰৰ ৰাজভৱনত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন বৈঠকত মিলিত হ’ব। ইয়াৰ পাছত তেওঁ ৰাজভৱনত জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আন এখন বৈঠকত অংশগ্ৰহণ কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া জম্মুত উপস্থিত হৈ ত্ৰিকুটা নগৰত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বিধায়ক, জ্যেষ্ঠ নেতা আৰু আন কাৰ্যকৰ্তাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।