প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে। পূৰ্বৰ এন ডি এ চৰকাৰৰ শাসন কালৰ তুলনাত জম্মু-কাশ্মীৰত বৰ্তমান সন্ত্রাসবাদী কাৰ্যকলাপৰ ফলত মৃত্যুৰ সংখ্যা ৭০ শতাংশ কম হৈছে। ৰাজ্যসভাত হোৱা এটা আলোচনাত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে বিগত এটা দশকত চৰকাৰে ৰাজনৈতিক সদিচ্ছা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে দেশৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি গঢ়ি তুলিছে। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ, বাও শিবিৰৰ উগ্ৰবাদ আৰু উত্তৰ-পূবৰ উগ্ৰপন্থীৰ সমস্যা দেশে পূর্বতে এই তিনিটা মুখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। তেওঁ কয় যে এই তিনিটা প্ৰত্যাহ্বান চৰকাৰে কঠোৰ হাতেৰে মোকাবিলা কৰিছে। জম্মু-কাশ্মীৰত ৩৭০ নম্বৰ অনুচ্ছেদৰ অৱসান ঘটাই মোদী চৰকাৰে সংবিধান প্ৰণেতাসকলৰ এখন সংবিধান, এখন পতাকাৰ সপোন পৰিপূৰ্ণ কৰিছে। পূৰ্বতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো ফলপ্রসূ ব্যৱস্থা লোৱা হোৱা নাছিল আৰু জনসাধাৰণেও এই ঘটনা পাহৰি গৈছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে উৰি আৰু পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ১০ দিনৰ ভিতৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ছার্জিকেল স্ট্রাইক আৰু এয়াৰ ষ্ট্ৰাইক গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা বৰ্ষৰ মাৰ্চৰ ভিতৰত দেশত নক্সালবাদীৰ সমস্যা অন্ত পৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে নক্সাল অধ্যুষিত অঞ্চলত পথ যোগাযোগ বৃদ্ধি আৰু ইণ্টাৰনেট উপলব্ধ হোৱা বাবে অঞ্চলসমূহ উন্নত হৈছে। এই অঞ্চলসমূহত নতুন নতুন বেংকৰ শাখা আৰু এটিএম মুকলি কৰা হৈছে। তেওঁ কয়যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছতেই উত্তৰ-পূবৰ সকলো সশস্ত্ৰ গোটৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হৈছে। ২০১৯ চনৰ পৰা বৰ্তমানলৈ ১২খন শান্তি চুক্তিত স্বাক্ষৰিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
শ্ৰীশ্বাহে দেশৰ সীমা আৰু আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ আৰক্ষী আৰু কেন্দ্ৰীয় পেৰা মিলিটেৰী বাহিনীৰ লোকসকলৰ সৰ্বোচ্চ ত্যাগৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে।
ইয়াৰ পূৰ্বে এটা আলোচনাত ভাগ লৈ বিজেপিৰ ড° সুধাংশু ত্রিবেদীয়ে কয় যে গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰত ৩৭০ নম্বৰ অনুচ্ছেদৰ বিলুপ্তি ঘটাই দেশত সঁচা অৰ্থত ধৰ্মনিৰপেক্ষতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। তেওঁ মহাকুম্ভ মেলাৰ সুশৃংখল আৰু নিয়াৰিকৈ আয়োজন কৰাৰ বাবে চৰকাৰৰ প্ৰশংসা কৰে। ড° ত্রিবেদীয়ে জনসংখ্যা বৃদ্ধি প্ৰতিৰোধ বিধেয়কক সমর্থন জনাবলৈ বিৰোধীৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে কয় যে গৃহ মন্ত্ৰালয়ে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটাবলৈ সংবেদনশীল ব্যৱস্থা গ্ৰহণ কৰিছে। কংগ্ৰেছৰ সাংসদ অজয় মাকেনে দিল্লীত মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ ওপৰত ক্রমবৰ্দ্ধিত হাৰত সংঘটিত অপৰাধমূলক ঘটনা সন্দৰ্ভত প্রশ্ন তোলে। তেওঁ কয় যে দিল্লীত মহিলাৰ বিৰুদ্ধে সংঘটিত ৭৭ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে।