দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্রতিশ্রুতি দিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মহানগৰীখনত স্বতন্ত্রভাৱে কাম কৰা অস্থায়ী কৰ্মীসকলক ১০ লাখ টকাৰ জীৱন বীমা আৰু ৫ লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। তদুপৰি ২০ হাজাৰ কোটি টকা ব্যয়ৰে সংহত ৰাজহুৱা পৰিবহন ব্যৱস্থা বিকশাই তোলা হ’ব বুলিও শ্ৰী শ্বাহে প্রতিশ্রুতি দিয়ে। দিল্লীত ১০০ শতাংশই বৈদ্যুতিক বাছ চলাচল কৰা মহানগৰ হিচাপে গঢ়ি তোলা হ’ব বুলিও তেওঁ কয়। শ্ৰী শ্বাহে লগতে পৰ্যটনৰ উন্নয়নৰ লক্ষ্যৰে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ সহযোগিতাত মহাভাৰত কৰিড’ৰ নিৰ্মাণ আৰু যমুনা নৈৰ পাৰৰ সৌন্দৰ্যবৰ্ধন কৰা হ’ব বুলিও ঘোষণা কৰে।
Site Admin | January 25, 2025 8:36 PM | Amit sah