ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 6:44 PM | amit pal singh

printer

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত হাজিৰ

খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক ২৫ মাৰ্চলৈ আৰক্ষীৰ জিম্মাত দিয়ে। অমৃত পাল সিঙকে ধৰি এই সাতজন সহযোগী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অসমৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। বন্দীত্বৰ ম্যাদ উকলি যোৱাৰ পাছত কালি তেওঁলোকক যোৱা বছৰ আজনালা আৰক্ষী থানাত আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ স্থানান্তৰ কৰে । পঞ্জাৱ আৰক্ষীৰ এটা ২৫ জনীয়া দলে তেওঁলোকক কালি আইনী প্রক্রিয়া অনুসৰি পঞ্জাৱলৈ লৈ যায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃত পাল সিং আৰু তেওঁৰ ৯ জন সহযোগীৰ ভিতৰত ৭ জনৰ ওপৰত বলৱৎ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাৱ চৰকাৰে সিদ্ধান্ত লৈছিল। অৱশ্যে সাংসদগৰাকীৰ লগতে পাপল প্রীত সিং আৰু ৱৰীন্দৰ সিং জোহাল নামৰ আন দুজন সহযোগী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ থাকিব। তেওঁলোকৰ জিম্মাৰ ম্যাদ অহা মাহত শেষ হ’ব বুলি জানিব পৰা গৈছে যদিও আইনী প্রক্রিয়া সম্পূৰ্ণ হোৱা নাই। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোককো স্থানান্তৰ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক