ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃত পাল সিঙৰ লগতে সাতজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ প্ৰক্ৰিয়া কালি আৰম্ভ হয়। কালি অমৃত পাল সিঙৰ তিনিজন সহযোগীক মুকলি কৰি দিয়া হয়। লোক কেইজনক অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ডিব্ৰুগড় আদালতত হাজিৰ কৰি পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। ইয়াৰ পাছতে তেওঁলোকৰ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আজি দুজন আৰু কাইলৈ তিনিজন বন্দীক মুকলি কৰি দিয়া হ’ব বুলিও জানিব পৰা গৈছে। তেওঁলোকক দুদিন ধৰি ডিব্ৰুগড়ত বাহৰ পাতি থকা ২৫ জনীয়া পঞ্জাব আৰক্ষীৰ দলে পুনৰ পঞ্জাবলৈ লৈ যোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সিং আৰু তেওঁৰ ৯ জন সহযোগীৰ ভিতৰত ৭ জনৰ ওপৰত বলবৎ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাব চৰকাৰে সিদ্ধান্ত লৈছে।
Site Admin | March 18, 2025 1:30 PM | amit pal singh
অমৃত পাল সিঙৰ লগতে সাতজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ
