ডাউনলোড
মোবাইল এপ

android apple
signal

November 5, 2024 8:54 PM | America president

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ হৈ ডোনাল্ড ট্রাম্প আৰু ডেমক্রেটিক দলৰ হৈ কমলা হেৰিছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ডোনাল্ড ট্রাম্পে মিচিগান চহৰত আৰু কমলা হেৰিছে পেঞ্চিলভেনিয়াত নিজৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰে। মুঠ ৫৩৮ ভোটৰ ভিতৰত ২৭০টা ভোট লাভ কৰা প্ৰতিদ্বন্দিজনকে বিজয়ী বুলি ঘোষণা কৰা হ’ব। ফ্লৰিডা ইউনিভাৰছিটিৰ নিৰ্বাচনী লেবে প্ৰকাশ কৰা মতে, ৮২ নিযুততকৈও অধিক ভোটাৰে নিজৰ ভোটৰ অধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ২৪৪ নিযুত পঞ্জীভুক্ত ভোটদাতা আছে। ২০২০ চনৰ নিৰ্বাচনত ৬৬ শতাংশ ভোটদাতাই গণতান্ত্রিক ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল। এইবাৰৰ নিৰ্বাচনত দুয়োজন প্রার্থীয়ে তুমুল প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি ভোটগ্রহণকাৰীসকলৰ পৰা জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক