ডাউনলোড
মোবাইল এপ

android apple
signal

June 22, 2024 1:31 PM | ambubashi mela

printer

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। সমিতিয়ে প্রকাশ কৰা মতে ২১ৰ পৰা ৩০ জুনলৈকে কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। একেদৰে ২৬ জুনৰ পৰা ২৭ জুনলৈকে বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা ৮ বজা পর্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা ৯ বজা পর্যন্ত খোলা থাকিব। অম্বুবাচী মেলাৰ বাবে প্রশাসনে আজি পুৱা ৫ বজাৰ পৰা ২৫ জুনৰ মাজ নিশালৈকে গাড়ী-মটৰ চলাচলত বিশেষ নির্দেশনা জাৰি কৰিছে। যান বাহন শাখাৰ ডি চি পিয়ে জনোৱা মতে আজিৰে পৰা কেইবাটাও পথত যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব। তীর্থযাত্রী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাবে জড়িত যান বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা আৰোপ কৰা হৈছে। অম্বুবাচী মেলাৰ সময়ছোৱাত ফুটহিলৰ পৰা কামাখ্যা মন্দিবলৈ কোনো গাড়ীয়ে চলাচল কৰিব নোৱাৰিব। জিলা প্ৰশাসনৰ অনুমতি থকা ফেৰী সেৱাৰ গাড়ীয়ে বাহনে পাণ্ডু কেবিন তিনিআলিৰ বংশীবাগানলৈ তীর্থযাত্ৰীক কঢ়িয়াব পাৰিব। অৱশ্যে বংশীবাগানৰ পৰা ফেৰী সেৱাৰ গাড়ী কামাখ্যা মন্দিৰলৈ যোৱাত বাধা থাকিব। জালুকবাৰী দিশৰ পৰা ভক্ত কঢ়িওৱা গাড়ীসমূহে নীলাচল উণসেতুৰ ছাৰ্ভিছলেন ব্যৱহাৰ কৰিব পাৰিব। আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰত বাহন পার্কিং কৰিব পাৰিব। ভৰলুৰ দিশৰ পৰা তীর্থযাত্রী কঢ়িওৱা গাড়ীয়ে নীলাচল ঊৰ্ণসেতুৰ তলৰ ছাৰ্ভিচলেন ব্যৱহাৰ কৰিব পাৰিব। জালুকবাৰী ৰটাৰীৰ পৰা অহা এ এছ টি চি বাছ, চিটি বাছ আৰু ব্যক্তিগত যান-বাহনে নীলাচল উণসেতু হৈ মাছখোৱালৈ যাব লাগিব। অম্বুবাচীৰ সময়ছোৱাত বাহনসমূহে নীলাচল উৰণসেতুৰ ছাৰ্ভিছলেন ব্যৱহাৰ কৰিব নোৱাৰিব। জালুকবাৰীৰ পৰা অহা চিটিবাছসমূহে বিশ্বকর্মা মন্দিৰৰ সন্মুখত যাত্রী উঠা-নমা কৰিব পাৰিব। ভৰলুৰ দিশৰ পৰা অহা চিটিবাছসমূহ বৰিপাৰা ফিল্ডত যাত্রী উঠা-নমা কৰিব পাবিব। নীলাচল উৰণসেতুৰ দুইমূৰে চিটিবাছসমূহে যাত্রী উঠা-নমা কৰাব নোৱাৰিব। নীলাচল উৰণসেতুৰ তলৰ পার্কিং সংৰক্ষিত পার্কিং জ’ন হিচাপে ব্যৱহাৰ কৰা হ’ব। আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুপৰ্টলৈ পাণ্ডুপৰ্ট ৰোড আৰু মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুপৰ্টলৈ বৰবজাৰ ৰোডত পার্কিং নিষিদ্ধ কৰা হৈছে । ইতিমধ্যে দেশী-বিদেশী, বিভিন্ন বেশ-ভূষাৰ সাধু,সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। ভক্তসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু ঘাটত দুটা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিব। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্তদ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে প্রকাশ কৰা মতে ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে কামাখ্যা মন্দিৰত ৪০০ গৰাকী স্কাউট, ১৫০ গৰাকী স্বেচ্ছাসেৱক, ১২০ গৰাকী নিয়মীয়া সুৰক্ষা কৰ্মীৰ লগতে ২৫০ গৰাকী অতিৰিক্ত ব্যক্তিগত সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। তদুপৰি মন্দিৰৰ চৌপাশে ৪০০ টা চি চি টি ভি স্থাপন কৰা হৈছে। ইপিনে, কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ-ছাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক