শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কালিৰে পৰা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা ৰখা হোৱা নাই। একেদৰে ২৬ আৰু ২৭ জুনত বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা ৮ বজা পর্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা ৯ বজা পর্যন্ত খোলা থাকিব। অম্বুবাচী মেলাৰ বাবে প্রশাসনে আজি পুৱা ৫ বজাৰ পৰা ২৫ জুনৰ মাজ নিশালৈ গাড়ী-মটৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। যান-বাহন শাখাৰ উপায়ুক্তই জনোৱা মতে আজিৰে পৰা কেইবাটাও পথত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ তীর্থযাত্রী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা আৰোপ কৰা হৈছে। অম্বুবাচী মেলাৰ সময়ছোৱাত ফুটহিলৰ পৰা কামাখ্যা মন্দিৰলৈ কোনো বাহন চলাচল কৰিব নোৱাৰিব। দেশী-বিদেশী, বিভিন্ন বেশ-ভূষাৰ সাধু, সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে ভক্তসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু ঘাটত দুটাকৈ আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিছে। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে, কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে আজিৰে পৰা ২৬ জুনলৈ কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে। জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষা দিন ধাৰ্য কৰিছে তেন্তে সেয়া সাল-সলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। ইফালে, পৰম্পৰাগত ৰীতি অনুসৰি আজি অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছে। অম্বুবাচীৰ নিবৃত্তিৰ পাছতে এই মন্দিৰসমূহৰ দুৱাৰ পুনৰ ভক্তৰ বাবে মুকলি কৰা হ’ব। গোলাঘাট জিলাৰ কাজিৰঙাৰ আহোম ৰজা গদাধৰ সিংহৰ স্মৃতি বিজড়িত শ্রীশ্রী কাকগোঁসানী থানৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হৈছে। মহামায়া থানখনৰ মণিকূটৰ দুৱাৰ অম্বুবাচী নিবৃত্তিৰ পাছতে পূজাৰীয়ে দেৱীৰ চৰণত সেৱা আগবঢ়াই মুকলি কৰিব৷ একেদৰে ৰাজ্যৰ অনান্য প্ৰান্তৰ মন্দিৰদেৱালয়সমূহৰ দুৱাৰো আজি বন্ধ কৰি দিয়া হৈছে।
Site Admin | June 22, 2024 8:45 PM | ambubachi kamakhya