July 2, 2024 12:52 PM | Amarnath

printer

অমৰনাথ গুহা দৰ্শনৰ বাবে ৬,৫৩৭ গৰাকী তীর্থযাত্ৰীৰ পঞ্চমটো দল আজি ৰাওনা

জম্মুৰ ভাগৱতী নিবাস বেছ কেম্পৰ পৰা কাশ্মীৰৰ অমৰনাথ গুহা দৰ্শন কৰাৰ বাবে ৬ হাজাৰ ৫৩৭ গৰাকী তীর্থযাত্ৰীৰ পঞ্চমটো দল আজি পুৱতি নিশা ৰাওনা হৈছে। আজি যাত্ৰা আৰম্ভ কৰা পঞ্চমটো দলৰ সদস্যসকলৰ ভিতৰত এহেজাৰ ১০২ গৰাকী মহিলা আৰু ১৯ টি শিশু আছে। দলটো ২ হাজাৰ ১০৬ গৰাকী তীর্থযাত্ৰী পুৱতি নিশা ৩ বাজি ৫ মিনিটত বাল্টাল অভিমুখে ৰাওনা হোৱাৰ বিপৰীতে ৪ হাজাৰ ৪৩১ গৰাকী তীর্থযাত্ৰীয়ে পুৱতি নিশা ৩ বাজি ৫০ মিনিটত পেহেলগাম বেছ কেম্পলৈ বুলি যাত্ৰা আৰম্ভ কৰে। ইপিনে আজি পুৱতি নিশা ২৬১ জনীয়া এটা অশ্বাৰোহী দলেও অমৰনাথ গুহা অভিমুখে যাত্ৰা আৰম্ভ কৰে।

অধিক পঢ়ক

সকলো চাওক