ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2024 1:06 PM | Payal kapadia

printer

“All We Imagine as Light” নামৰ কথাছবিৰ বাবে গ্রাঁ প্লী বঁটা অৰ্জন পায়ল কাপাডিয়াৰ

চলচ্চিত্র নির্মাতা পায়ল কাপাডিয়াই কালি কাঁ চলচ্চিত্র মহোৎসৱত গ্রাঁ প্লী বঁটা অৰ্জন কৰি এই বঁটা লাভ কৰা দেশৰ প্ৰথমগৰাকী কথাছবি নির্মাতা ৰূপে ইতিহাস ৰচনা কৰে। তেওঁ “All We Imagine as Light” নামৰ কথাছবিখনৰ বাবে এই চলচ্চিত্র মহোৎসৱত দ্বিতীয় সবাতোকৈ সন্মানীয় পুৰস্কাৰ লাভ কৰে। “All We Imagine as Light” কাঁ মহোৎসৱৰ মূল প্রতিযোগিতাত প্ৰদৰ্শন কৰা ভাৰতীয় মহিলা পৰিচালকৰ প্ৰথমখন কথাছবি। কাপাডিয়াৰ কথাছবিখনে ফ্রান্সিছ ফোর্ড কোপোলা, ছিন বেকৰ, য়োগোছ লেণ্ঠিমোছ, প’ল শ্ৰেদৰ, মেগনাছ বা’ন হৰ্ণ আৰু পাৱলো ছ’ৰেনটিনোৰ দৰে বিশ্ব প্ৰসিদ্ধ পৰিচালকৰ সৈতে প্রতিযোগিতাত ভাগ লয়। লেডী ৱাৰ্ড আৰু বাৰ্বি পৰিচালক গ্ৰেটা গেৰবিগকে জুৰিৰ অধ্যক্ষতা কৰে। ৩ বছৰ পূৰ্বে পায়ল কাপাডিয়াই “A Night of Knowing Nothing”ৰ বাবে সর্বশ্রেষ্ঠ তথ্যচিত্ৰৰ লে প্রী ডু ডকুমেন্টৰী বঁটা লাভ কৰিছিল। “All We Imagine as Light” কাপাডিয়াৰ প্ৰথম চলচ্চিত্র। ভাৰত-ফ্ৰান্সৰ যৌথ প্রযোজনাত নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনত বিচ্ছেদিত স্বামীৰ পৰা লাভ কৰা অনাকাংক্ষিত উপহাৰে জীবন ব্যাহত কৰা প্ৰভা নামৰ এগৰাকী নাৰ্চৰ কাহিনী উপস্থাপন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক