উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে’ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত কালি একতা উৎসৱ- এটা কণ্ঠ, এখন ৰাষ্ট্ৰত ভাষণ দি শ্রীশ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ পৰা প্ৰযুক্তিলৈ, ক্ৰীড়াৰ পৰা মহাকাশলৈ প্ৰতিটো ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে। তেওঁ কয়, যে এন ডি এ চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা ৭০ শতাংশ আৰু হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮৫ শতাংশ হ্ৰাস পোৱাৰ লগতে অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু সাংস্কৃতিক বিকাশো হৈছে। উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰূপে উপস্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত অঞ্চলটোক নতুন পৰিচয় দিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। তেওঁ কয়, যে অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ পৰা ক্ৰীড়া, শিক্ষা, কৃষি আৰু উদ্যমশীলতালৈকে প্ৰতিটো ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগৰ দ্বাৰ মুকলি কৰাৰ উদ্দেশ্যে কাম কৰা হৈছে। শ্ৰীশ্বাহে কয়, যে উত্তৰ-পূৰ্বাঞ্চল সমগ্ৰ দেশৰ বাবে চহকী ঐতিহ্যৰ অমূল্য সম্পদ স্বৰূপ। সমগ্র দেশে উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যক লৈ গৌৰৱ অনুভৱ কৰে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূৰ্বাঞ্চল অবিহনে ভাৰত আৰু ভাৰত অবিহনে উত্তৰ-পূৰ্বাঞ্চল আধৰুৱা। তেওঁ কয়, যে ২০১৪ চনৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত চাৰে ১০ হাজাৰৰো অধিক উগ্রবাদীয়ে অস্ত্র সম্বৰণ কৰিছে আৰু ২০১৯ৰ পৰা ২০২৪ চনৰ ভিতৰত অঞ্চলটোত ১২ খনকৈ শান্তি চুক্তি সম্পাদিত হৈছে। তেওঁ কয়, যে অঞ্চলটোত কেইবা দশক ধৰি বিবাদ চলি আছিল কিন্তু মোদী চৰকাৰে দুখোজ আগবঢ়াই যুৱ প্ৰজন্মক তেওঁলোকৰ বাবে ভালেমান সুযোগ উপলব্ধ বুলি বিশ্বাস জন্মায় আৰু বিবাদসমূহৰ সমাধান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে হিংসাত লিপ্ত হৈ থকা যুৱক-যুৱতীসকলক অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। শ্রীশ্বাহে কয়, যে দেশত সকলোৰে বাবে খেল, উৎকৰ্ষ সাধনৰ বাবে খেল-ধেমালি, ক্ৰীড়াৰ বিকাশৰ নতুন মন্ত্ৰৰূপে পৰিগণিত হৈছে। আছাম ৰাইফলছে উত্তৰ-পূব সামাজিক কল্যাণ সংস্থাৰ সহযোগত আয়োজন কৰা একতা উৎসৱৰ বিষয়ে আলোকপাত কৰি শ্ৰীশ্বাহে কয়, যে দিল্লীত আয়োজন কৰা এই পাঁচদিনীয়া উৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ একতা আৰু সাংস্কৃতিক প্ৰাচুৰ্যক প্ৰতিফলিত কৰিছে। অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰা কেইবাগৰাকীও ব্যক্তিক পুৰষ্কাৰ প্ৰদান কৰে।
Site Admin | February 21, 2025 11:18 AM | All Northeast States to Be Linked to Delhi by Rail & Air by 2027 HM Amit Shah
উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে’ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ’বঃ অমিত শ্বাহ
