মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে আজি জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহ ঐনিতমৰ সুৰ আৰু গুমৰাগ নৃত্যৰ ছন্দত মুখৰ হৈ উঠিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে ফাগুনৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰে। মিচিং ভাষাত আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱৰ অংশ হিচাপে গুটি সিঁচা কাৰ্য আৰম্ভ কৰাৰ লগতে জনগোষ্ঠীটোৰ ডেকা-গাভৰু, বুঢ়া-মেঠা সকলোৱে সমূহীয়াকৈ ভোজ ভাত খাই নৃত্য- গীতেৰে আনন্দ উপভোগ কৰে। এই উৎসৱৰ সৈতে জড়িত গীত-নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে ৷
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কেবাঙৰ সহযোগত আজি পাঞ্জাবাৰীৰ শিল্পগ্রামত আলি-আয়ে-লৃগাঙৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। মন্ত্রী ডাঃ পেগুৱে অনুষ্ঠানত অংশ লৈ প্ৰকৃতি আৰু মানুহৰ অভিন্ন সম্পৰ্কৰ সাংস্কৃতিক অভিব্যক্তি তথা সৃষ্টিৰ উৎসৱ আলি-আয়ে-লৃগাঙে মিচিং সমাজৰ লগতে সমগ্ৰ অসমবাসীৰ সুখ-সমৃদ্ধিৰ দিশত ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।
যোৰহাট জিলাৰ বাঘচোং আলিত আজি এই উৎসৱৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে আম্পিৰ শীৰ্ষক এখন মুখপত্ৰ উন্মোচন কৰা হয়। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে শিৱসাগৰ জিলাৰ দিচাংমুখৰ লগতে জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে। লৃগাং উপলক্ষে আজি দিচাংমুখৰ অফলাত ডেকা-গাভৰুসকলে ঐনিতম, গুমৰাগৰ ছন্দ আৰু ঢোলৰ গুমগুমনিৰে অঞ্চলটো উৎসৱমুখৰ কৰি তোলে। ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি, মাজুলী, তিনিচুকীয়াকে ধৰি মিচিং জনগোষ্ঠীৰ বসতিপ্রধান জিলাসমূহত আজি এই উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। এই উপলক্ষে জনগোষ্ঠীয় লোকসকলে হাতে বোৱা উজ্জ্বল ৰঙৰ সাজপাৰ পৰিধান কৰি সুস্বাদু খাদ্যৰ বিনিময় কৰে।