October 28, 2024 11:34 AM | akashvani public speak

printer

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি ‘ডেংগুৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধ’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডেংগুৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধ সন্দৰ্ভত লেডি হার্ডিংজ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডা০ অনুপম প্ৰকাশৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক ডেংগুৰ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।

অধিক পঢ়ক

সকলো চাওক