আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ‘PUBLIC SPEAK’ত ‘ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা’ শীর্ষক এটা আলোচনা

♦ আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন-ইন অনুষ্ঠান “PUBLIC SPEAK”ত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ অখিলেশ গৌড়ৰ সৈতে “ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা” শীর্ষক এটা আলোচনা আগবঢ়োৱা হ’ব। আলোচনাত ড: গৌড়ৰ সৈতে জ্যেষ্ঠ তথ্য বিশেষজ্ঞ ড. গুলশন ৰায়ো উপস্থিত থাকিব। অনুষ্ঠানৰ সময়ত শ্ৰোতাসকলে অতিথিসকলক বিভিন্ন চাইবাৰ ভাবুকি আৰু ডাটা আৰু চিষ্টেম সুৰক্ষিত কৰাৰ উপায়ৰ বিষয়ে প্রশ্ন সুধিব পাৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শ্রোতাসকলে আজি নিশা চাৰে ৯ বজাৰ পৰা 011-23421050 আৰু 011-23314444 নম্বৰত ফোন কৰিব পাৰিব৷ নতুবা 9289094044 নম্বৰত হোৱাটছএপৰ জৰিয়তেও আপোনাৰ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। এই লাইভ সম্প্ৰচাৰ আকাশবাণী গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিত শুনিবলৈ পাব। ইয়াৰ উপৰি শ্ৰোতাই আমাৰ ৱেবছাইট, NEWS ON AIR DOT GOV DOT IN, আৰু আমাৰ ইউটিউব চেনেল, NEWS ON AIR OFFICIALত এই অনুষ্ঠানটো উপলভ্য হ’ব।

অধিক পঢ়ক

সকলো চাওক