আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬- ৮০৯৬৯ আৰু ৯৬১৯৬-৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। কাইলৈ সন্ধিয়া ৭ বজা পর্যন্ত অডিঅ’ প্ৰেৰণ কৰিব পাৰিব। নির্বাচিত তিনিগৰাকী প্ৰতিযোগীক অহা ১ জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ’ব।
Site Admin | June 27, 2024 6:51 PM | Akashvani | Akashvani News
আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱসৰ সংগতি ৰাখি বাতৰি পৰিবেশনৰ প্রতিযোগিতাৰ আয়োজন
