ডাউনলোড
মোবাইল এপ

android apple
signal

কাইলৈ আনুষ্ঠানিকভাৱে মুকলি আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো কাইলৈ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ’ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড় আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গুৱাহাটীত উপস্থিত থাকিব। এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী আৰু কোকৰাঝাৰৰ ভালেকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। ১৯৯৯ চনত স্থাপিত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ কেনে আছিল আৰু এতিয়া কেনে হ’ব সেই বিষয়ে আমাৰ কাইলৈৰ পৰা পশ্চিম অসমৰ শ্ৰোতাসকলে এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত আকাশবাণী কোকৰাঝাৰৰ অনুষ্ঠানসমূহ শুনিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক