আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা

♦ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ হৃষীকেশ বড়োৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শর্মাই।

Read More News :

আনহাতে, কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী প্ৰাচুৰ্য্যা প্ৰেম গাৰ্গে তৃতীয় পুৰস্কাৰ লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটদাতাসকলক সজাগ কৰাৰ বাবে আয়োজিত এই প্রতিযোগিতা যুৱ ভোটদাতাসকলৰ বাবে মুকলি আছিল। ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পুৰস্কৃত কৰিব।

অধিক পঢ়ক

সকলো চাওক