ডাউনলোড
মোবাইল এপ

android apple
signal

অসমৰ ৪খন জিলাৰ বাহিৰে আন জিলাসমূহত ‘আফস্পা’ বাতিল কৰা বুলি বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র মনোজ বৰুৱাৰ প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলক দেশৰ মূলসুঁতিৰ সৈতে একাত্ম কৰি তোলাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নতুন চৰকাৰখনেও এই প্ৰচেষ্টা অব্যাহত ৰাখিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কাৰ্যকাল বিষয়ক আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র মনোজ বৰুৱাই এইদৰে কয়। বিদ্ৰোহী সংগঠনসমূহৰ সৈতে শান্তি আলোচনা চলি থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, অসমৰ ৪খন জিলাৰ বাহিৰে আন জিলাসমূহত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) বাতিল কৰা হৈছে। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক নিৰ্বাচন কৰাৰ বাবে ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে, এইবাৰৰ নিৰ্বাচনত বিজেপিৰ লগতে এন ডি এ মিত্ৰজোঁটৰ আঞ্চলিক দলসমূহৰ শক্তিশালী উত্থান পৰিলক্ষিত হৈছে। বিজেপিৰ কল্যাণকামী পদক্ষেপসমূহে ধর্মীয় সংখ্যালঘূকে সামৰি সকলো শ্ৰেণীৰ লোককে উপকৃত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, কৰিমগঞ্জ লোকসভা সমষ্টিত বিজয়ে দলটোৰ প্ৰতি সংখ্যালঘু শ্রেণীৰ সমর্থনকে বুজায়। আনহাতে আলোচনাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই সাধাৰণ নিৰ্বাচনৰ ফলাফল দেশৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰে। নাগৰিকত্ব সংশোধনী আইন, উমৈহতীয়া দেৱানীবিধি আদিৰ ক্ষেত্ৰত আগৰ দৰেই ৰাজ্যিক পৰ্যায়ত বিৰোধিতা অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, নতুন চৰকাৰখনক দুৰ্বল বুলি ভবাটো ভুল হ’ব। পূৰ্বৰ মিত্ৰজোঁটৰ চৰকাৰসমূহৰ তুলনাত এইখন চৰকাৰ যথেষ্ট শক্তিশালী বুলিও তেওঁ মন্তব্য কৰে। ইপিনে, সামাজিক মাধ্যমত উৰা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে বুলি সাংবাদিকগৰাকীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক