আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড়ে দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুদিনীয়া ভ্রমণসূচীৰে কালি গুৱাহাটীলৈ অহা সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি কয়, যে এই উদ্দেশ্যেৰেই আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে ১০ কিলোৱাটৰ এটা নতুন এফ এম ট্রান্সমিটাৰ স্থাপন কৰিছে। ইয়াৰ আগতে তেওঁ গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শ্ৰীমতী পালিৱাল গৌড়ে কালি বিয়লি আকাশবাণীৰ গুৱাহাটীৰ বাতৰি কক্ষ লগতে ষ্টুডিঅ’ আৰু আন কক্ষসমূহ পৰিদৰ্শন কৰে আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰই আগবঢ়াই অহা সেৱাৰ শলাগ লয়।
Site Admin | January 3, 2025 12:50 PM | Akashvani
দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰজ্ঞা পালিৱাল গৌড়ৰ
