আকাশবাণীয়ে স্বাধীনতা দিৱস উপলক্ষে কাইলৈ পুৱা ৭ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ আৰু পতাকা উত্তোলন অনুষ্ঠানত চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজী ভাষাত সলনা-সলনিকৈ প্ৰচাৰ কৰিব। বিবিধ ভাৰতী ৰাষ্ট্ৰীয় সেৱা, বিবিধ ভাৰতী কেন্দ্ৰ, স্থানীয় অনাতাঁৰ কেন্দ্ৰ, সমূহীয়া অনাতাঁৰ কেন্দ্ৰ, এফ এম ৰেইনবো, এফ এম গোল্ড আৰু অন্য এফ এম চেনেলসহ আকাশবাণীৰ সকলো আঞ্চলিক কেন্দ্রই এই চলন্ত বিৱৰণী ৰীলে কৰি শুনাব। আকাশবাণীৰ ইউটিউব চেনেল, আকাশবাণী এ আই আৰ যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীৰ আঞ্চলিক কেন্দ্ৰসমূহে প্রধানমন্ত্ৰীৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ কাইলৈ নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব । লালকিল্লাৰ পৰা পোনপতীয়াকৈ প্ৰচাৰ কৰা অনুষ্ঠানৰ পাছত হিন্দী আৰু ইংৰাজী ভাষাৰ মূল বাতৰি প্ৰচাৰ কৰা হ’ব। ইয়াৰ পাছত অন্যান্য বাতৰি বুলেটিনসমূহ প্ৰচাৰ কৰা হ’ব।
Site Admin | August 14, 2024 8:24 PM | Akashvani
আকাশবাণীয়ে কাইলৈ পুৱা প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজী ভাষাত সলনা-সলনিকৈ প্ৰচাৰ কৰিব
