ডাউনলোড
মোবাইল এপ

android apple
signal

March 28, 2025 7:30 PM | Akashvani

printer

কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘আপুনি কেনে আছে’ শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ চাৰে ১০ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ছটা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্রাক্তন বাতৰি পৰিৱেশক-পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল’ব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ airnewsguwahati যোগেও পোনপতীয়াকৈ প্ৰচাৰৰ দিহা কৰা হৈছে। অনুষ্ঠানটিৰ নির্বাচিত অংশ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব।

অধিক পঢ়ক

সকলো চাওক