ডাউনলোড
মোবাইল এপ

android apple
signal

২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন বার্ষিক ১২.৪ শতাংশ বৃদ্ধিঃ বিত্তমন্ত্রী অজন্তা নেওগ

২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন বার্ষিক ১২ দশমিক ৪ শতাংশ বৃদ্ধি হৈছে বুলি বিত্তমন্ত্রী অজন্তা নেওগে কালি অসম বিধানসভাত প্ৰকাশ কৰে। এই উৎপাদন ২০১১-১২ বৰ্ষৰ ১ লাখ ৪৩ হাজাৰ ১৭৫ কোটি টকাৰ পৰা ৬ লাখ ৪৩ হাজাৰ ৬৬৭ কোটি টকালৈ বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক কয়। বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয়, যে এই সময়ছোৱাত কৃষি খণ্ডৰ বিকাশৰ হাৰ গড়ে ১২ দশমিক ৫ শতাংশ উদ্যোগ খণ্ডত ১৩ দশমিক ৮ আৰু সেৱা খণ্ডত বিকাশৰ হাৰ ১১ দশমিক ৩ শতাংশ। জনমূৰি আয় ২০১১-১২ বৰ্ষৰ ৪১ হাজাৰ ১৪২ টকাৰ পৰা ২০২৪-২৫ বৰ্ষত ৮১ হাজাৰ ১২৭ টকালৈ বৃদ্ধি পায়। বাৰ্ষিক জনমূৰি আয় বৃদ্ধিৰ হাৰ ৫ দশমিক ৮ শতাংশ বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি ২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অৰিহণা ১ দশমিক ৬ শতাংশৰ পৰা ১ দশমিক ৮ শতাংশলৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা মূলধনী ব্যয়ৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি হৈ ২০২৩-২৪ বিত্তীয় বৰ্ষত এই ব্যয়ৰ পৰিমাণ ২১ হাজাৰ ৫০৯ কোটি টকা হৈছে বুলি শ্রীমতী নেওগে সদনক জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক