ডাউনলোড
মোবাইল এপ

android apple
signal

November 19, 2024 6:33 PM | Air Pollution

printer

দিল্লীত কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ ভয়াবহ বায়ু প্ৰদুষণ সমস্যাৰ সমাধানৰ বাবে ক্লাউড চিডিং প্ৰযুক্তিৰ সহায়েৰে কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্ৰদূষণ সন্দৰ্ভত এখন জৰুৰীকালীন বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰায়ে কয়, যে বিষয়টো লৈ বিশেষজ্ঞৰ সৈতে আলোচনা কৰা হৈছে আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ বায়ুৰ মান উন্নত কৰিবলৈ আৰু ধূলি মিহলি কুঁৱলী আঁতৰ কৰিবলৈ কৃত্ৰিম বৰষুণৰ সহায় লোৱাৰ সময় আহি পৰিছে । ইপিনে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয় হৈ আছে। কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মতে দিনৰ ১ বজাত ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মান এ কিউ আই সূচ্যাংক ৪৭৩ পোৱা গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি আনন্দ বিহাৰত এ কিউ আই ৪৮৯, বৱানাত ৪৮৩, জে এল এন ষ্টেডিয়ামত ৪৬১ আৰু আৰ কে পুৰমত ৪৬৮ পোৱা গৈছে। আনহাতে, দিল্লীত বায়ুৰ গুণাগুণৰ অৱনতি ঘটাৰ বাবে আজিৰ পৰা দিল্লী, গাজিয়াবাদ আৰু নয়দাৰ বিদ্যালয়সমূহত অনলাইন পাঠদান আৰম্ভ হ’ব। উল্লেখযোগ্য, যে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্য্যন্ত অনলাইন পাঠ্যক্রম অব্যাহত থাকিব। দিল্লী বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া আদিৰ দৰে বিশ্ববিদ্যালয়সমূহত শনিবাৰলৈকে আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শুকুৰবাৰলৈকে অনলাইন পাঠদান অব্যাহত থাকিব।

অধিক পঢ়ক

সকলো চাওক