July 29, 2024 1:11 PM | air maan ki baat

printer

চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কালি অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত গৌৰৱ প্ৰকাশ কৰে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত বাখ্যা কৰি শ্ৰীমোদীয়ে কয় যে, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আহোম ৰাজবংশৰ গণ্য মান্য ব্যক্তিসকলৰ মৃতদেহ আৰু মূল্যবান সা-সম্পত্তিসমূহৰ সমাধি তথা সংৰক্ষণ ক্ষেত্ৰ হিচাপে মৈদামসমূহ নিৰ্মাণ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে নিজৰ বক্তব্যত চৰাইদেউ মৈদামক অসম ভ্ৰমণৰ অন্যতম আকর্ষণ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ পৰ্যটকসকলক আহ্বান জনায় ৷ শ্রীমোদীয়ে মেড ইন ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ বিষয়ত আলোকপাত কৰি ভাৰতৰ ৰাজহুৱা কলাসমূহক প্ৰতিফলিত কৰা ‘পাৰি’ প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে পথৰ দাঁতি, দেৱাল আদিত চিত্ৰাংকন কৰা ৰাজহুৱা কলা শিল্পীসকলৰ ভূয়সী প্রশংসা কৰে । আনহাতে, দেশৰ হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ’ব বুলি মন্তব্য কৰে। তেওঁ দেশৰ জনসাধাৰণক খাদী আৰু থলুৱা হস্ততাঁত শিল্পক আঁকোৱালি ল’বলৈ আহ্বান জনায়।

ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত অলিম্পিক গেমছৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰিবলৈ দেশবাসীক আহ্বান জনায়। তেওঁ লগতে অলপতে হৈ যোৱা আন্তর্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুন্দৰ প্ৰদৰ্শনৰ বিষয়টোও মন কী বাতত উত্থাপন কৰে । শ্রীমোদীয়ে সমাগত স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত শ্ৰোতাসকলক হৰ ঘৰ তিৰংগা অভিযানত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়। স্বাধীনতা দিৱসৰ ভাষণত বিভিন্ন বিষয় সামৰি ল’ব পৰাকৈ মাই গভ অথবা নমো এপৰ জৰিয়তে পৰামৰ্শ আগবঢ়াবলৈ প্রধানমন্ত্ৰীয়ে দেশবাসীক মন কী বাতৰ জৰিয়তে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক