June 22, 2024 7:11 PM | air maan ki baat

printer

আকাশবাণীত ৩০ জুনত প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্র মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব । এয়া অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্রীমোদী একেৰাহে তৃতীয় কার্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ’বলগীয়া প্ৰথম খণ্ড। আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদর্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক