আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় আজিৰে পৰা কিছু সাল-সলনি কৰা হৈছে। পূর্বে সন্ধিয়া ৭ বাজি ৫ মিনিটত প্ৰচাৰিত ‘জিলাৰ ৰেহৰূপ’ অনুষ্ঠান আকাশবাণী সঞ্চালকৰ নিৰ্দেশ অনুসৰি আজিৰে পৰা পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিটলৈ প্ৰচাৰৰ দিহা কৰা হৈছে। ঠিক একেদৰে দিনৰ ১০ বজাত প্ৰচাৰিত মুখ্য বাতৰি আজিৰে পৰা ১১ বজাত প্ৰচাৰিত হ’ব। বিবিধ ভাৰতীযোগে পুৱা ৭ বাজি ২৮ মিনিট আৰু নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰিত মুখ্য বাতৰিৰ প্ৰচাৰো আজিৰে পৰা বন্ধ কৰা হৈছে।
Site Admin | April 6, 2025 12:18 PM | air guwahati time changes
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠান প্ৰচাৰৰ সময় সাল-সলনি
