ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্ৰতিষ্ঠা দিৱস উদযাপন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

আকাশবাণী গুৱাহাটীৰ আজি ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱস আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে আকাশবাণীৰ উত্তৰ-পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে। নিজৰ ভাষণ শ্রীভাটনাগৰে কয় যে, আকাশবাণী জনগণৰ কণ্ঠ হৈ আছে। বিগত সময়ৰ দৰেই আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে। উদ্বোধনী অনুষ্ঠানৰ পাছতেই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া অসম আৰক্ষী গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্রাক্তন সঞ্চালকপ্রধান প্ৰদীপ কুমাৰ, নেডফিৰ সঞ্চালক এছ কে বৰুৱা, গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিৱেশ আৰু বহনক্ষম শাখাৰ মুৰব্বী সিদ্ধাৰ্থ ফুকনে অংশগ্রহণ কৰে। অনুষ্ঠানটোৰ সঞ্চালনা কৰে পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালকপ্রধান জেন নেমছুৱে। বিগত কেইটামান বছৰত উত্তৰ-পূবৰ চিকিৎসা, নিৰাপত্তা, অসামৰিক বিমান পৰিবহণকে ধৰি বিভিন্ন খণ্ডৰ বিকাশৰ পৰ্যালোচনা কৰা হয়।

ইয়াৰ পাছতেই আঞ্চলিক বাতৰি বিভাগৰ স্মৰণীকা আকাশী বার্তা উন্মোচন কৰে পি আই বি গুৱাহাটীৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰি পাডে। এই অনুষ্ঠানৰ ঠিক পাছতে বাতৰি বিভাগৰ ন-পুৰণি সদস্যসকলৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ কেইবাগৰাকীও প্রাক্তন সদস্যই মত বিনিময় কৰে। বাতৰি বিভাগৰ অনুষ্ঠানৰ পাছতেই সুৰৰ শৰাই শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া জে পি দাসে উদ্বোধন কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকে। সংগীতানুষ্ঠানত বিদ্যুৎ কুমাৰ মিশ্ৰই বেহেলা বাদন, মিৰাণ্ডা চৌধুৰী, পুলক বেনাৰ্জী আৰু ডলী ঘোষ সাধ্যই সংগীত পৰিবেশন কৰে। এই অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা বাতৰি পঢ়া প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে পুৰস্কাৰ প্ৰদান কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি আকাশীস্পন্দন শীর্ষক প্ৰাচীৰ পত্ৰিকাখনৰ নৱম সংখ্যাটি উন্মোচন কৰা হয়। বিশিষ্ট কণ্ঠশিল্পী পাহাৰী দাসে পত্রিকা উন্মোচন কৰা অনুষ্ঠানটিত লেখক, অধ্যাপক কিশোৰ মোহন ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী মণি বৰদলৈৰ লগতে কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

ইফালে, আকাশবাণী গুৱাহাটীৰ প্রতিষ্ঠা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত লোকসকলৰ লগতে শ্ৰোতাৰ প্ৰতিও শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ কয় যে ৰেডিঅ’ৰ প্ৰতি মানুহৰ আৱেগ তাহানিতে যেনে আছিল, আজিও একেই আছে। প্ৰতিষ্ঠানটোৰ জন্মলগ্নৰ সৈতে জড়িত লোকসকলকো মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক